Proverbs 2

জ্ঞানৰ উৎকৃষ্টতা

1হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা,
আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
2প্রজ্ঞাৰ কথা শুনা,
আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।

3তুমি যদি বুজিবৰ বাবে কান্দা;

আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
4ৰূপ বিচৰাৰ দৰে যদি তুমি ইয়াক বিচাৰা,
আৰু গুপ্ত ধন বিচৰাৰ দৰে বুজিব পৰা শক্তি বিচাৰা;
5তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা,
আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।

6কাৰণ যিহোৱায়হে প্রজ্ঞা দিয়ে,

তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
7যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে,
যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
8তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে,
আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে।

9তেতিয়া তুমি ধাৰ্ম্মিকতা, ন্যায়বিচাৰ, আৰু স্বাভাৱিক ন্যায়

আৰু সকলো ভাল পথ বুজিব পাৰিবা।
10কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব,
আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব।

11সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব,

বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব,
12এইবোৰে পাপকাৰ্যৰ পৰা
আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধৰ কৰিব
13তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে।
আৰু আন্ধাৰ পথত চলে।

14যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে

তেতিয়া তেওঁলোকে আনন্দ কৰে,
আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে,
15তেওঁলোকে কুটিল পথ অনুসৰণ কৰে,
তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে।

16

দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খোচামোদ কথা কোৱা
আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
17তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে
আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্রতিশ্রুতি পাহৰে।

18তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই,

আৰু তেওঁৰ পথে কবৰত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব।
19যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব,
আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব।

20সেয়ে তুমি সৎলোকৰ পথত চলিবা,

আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা।
21যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে,
আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব।
কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব,
আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব।
22

Copyright information for AsmULB